মঙ্গলবাৰ, ১৫ জুলাই
মোৰ মেৰবিলাক প্ৰতিপালন কৰা। —যোহ. ২১:১৬.
পাঁচনি পিতৰো এজন প্ৰাচীন আছিল আৰু তেওঁ আন প্ৰাচীনসকলক আগ্ৰহ কৰিছিল, “ঈশ্বৰৰ যি জাক আছে, তাক প্ৰতিপালন কৰা।” (১ পিত. ৫:১-৪) যদি আপুনি এজন প্ৰাচীন হয়, তেনেহʼলে আমি জানোঁ যে আপুনিও ভাই-ভনীসকলক প্ৰেম কৰে আৰু মেৰ ৰখীয়াৰ দৰে তেওঁলোকৰ চোৱা-চিতা কৰে। কিন্তু আপোনাক হয়তো কেতিয়াবা এইদৰে লাগিব পাৰে আপোনাৰ ওচৰত কৰিবলগীয়া বহুত কাম আছে আৰু আপুনি ভাগৰি পৰিছে যে আপুনি আৰু এই দায়িত্ব পালন কৰিব নোৱাৰে, এনে সময়ত আপুনি কি কৰিব পাৰে? আপোনাৰ মনলৈ যিয়েই চিন্তা নাহক কিয় তাৰ বিষয়ে যিহোৱাক জনাওক। পিতৰে এইদৰে লিখিছে, “কোনোৱে যদি সেৱা-শুশ্ৰূষা কৰে, তেন্তে ঈশ্বৰে দিয়া শক্তিৰ দৰে কৰক।” (১ পিত. ৪:১১) হয়তো আপোনাৰ ভাই-ভনীয়ে এনে কিছুমান সমস্যাৰে যুঁজি আছে, যাক এই পৃথিৱীত সম্পূৰ্ণৰূপে সমাধান কৰাটো সম্ভৱ নহয়। কিন্তু মনত ৰাখক আপুনি যিমান ভাই-ভনীসকলৰ কাৰণে কৰি আছে, তাতকৈ বেছি ‘প্ৰধান ৰখীয়া’ যীচু খ্ৰীষ্টই তেওঁলোকৰ বাবে কৰিব পাৰে। যীচুৱে তেওঁলোকক আজিও সহায় কৰি আছে আৰু আহিবলগীয়া সময়তো সহায় কৰিব। এয়াও মনত ৰাখক, প্ৰাচীনসকলে ভাই-ভনীসকলক প্ৰেম কৰা, ৰখীয়াৰ দৰে তেওঁলোকৰ চোৱা-চিতা কৰা আৰু জাকৰ বাবে এটা উত্তম উদাহৰণ ৰখাটোৱে যিহোৱাই বিচাৰে। w২৩.০৯ ২৯-৩০ ¶১৩-১৪
বুধবাৰ, ১৬ জুলাই
যিহোৱাই জানে যে বুদ্ধিমান লোকসকলৰ যুক্তি ব্যৰ্থ।—১ কৰি. ৩:২০.
জগতৰ লোকসকলৰ চিন্তাধাৰাৰ পৰা আঁতৰি থাকক। আমি জগতৰ লোকসকলৰ দৰে চিন্তা কৰিলে যিহোৱাৰ পৰা আঁতৰি যাব পাৰোঁ আৰু তেওঁৰ মানদণ্ডৰ ওপৰত ধ্যান নিদিবও পাৰোঁ। (১ কৰি. ৩:১৯) “জগতৰ জ্ঞান” অৰ্থাৎ জগতৰ লোকৰ চিন্তাধাৰা হৈছে নিজৰ ইচ্ছা পূৰ কৰা আৰু ঈশ্বৰৰ কথা নুশুনা। অতীতত পৰ্গাম আৰু থুয়াতীৰাৰ লোকসকলৰো এনেধৰণৰে চিন্তাধাৰা আছিল। তাত চাৰিওফালে মূৰ্তিপূজা আৰু অনৈতিক কাম হৈ আছিল। কিছুমান খ্ৰীষ্টানৰ ওপৰতো এই চিন্তাধাৰাই প্ৰভাৱ পেলাইছিল আৰু তেওঁলোকে অনৈতিক কামবোৰ সহন কৰিছিল। সেইবাবে, যীচুৱে সেই মণ্ডলীবোৰক কঠোৰ পৰামৰ্শ দিছিল। (প্ৰকা. ২:১৪, ২০) আজি আমাৰ ওপৰতো জগতৰ চিন্তাধাৰা ৰাখিবলৈ হেঁচা আহে। হয়তো আমাৰ পৰিয়াল বা চিনাকি লোকসকলে আমাক কʼব পাৰে যে আমি অলপ বেছিকৈ কৰিছোঁ, অলপমানতো চলে। যেনে, তেওঁলোকে হয়তো এইদৰে কʼব পাৰে, ‘নিজৰ ইচ্ছা পূৰ কৰাত কি ভুল আছে? আজি জগতখন কিমান আগুৱাই গৈছে আৰু তুমি এতিয়াও বাইবেলৰ মতেই চলি আছা!’ কেতিয়াবা কেতিয়াবা আমাক হয়তো লাগিব পাৰে যে যিহোৱাই যি নিয়ম দিছে, তাৰ পৰা আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে বুজি পোৱা নাই। এনে পৰিস্থিতিত হয়তো ‘যি লিখা আছে, তাক অতিক্ৰম’ কৰা বা কিছুমান নিয়ম বনোৱাৰ কথা আমি ভাবিব পাৰোঁ।—১ কৰি. ৪:৬. w২৩.০৭ ১৬ ¶১০-১১
বৃহস্পতিবাৰ, ১৭ জুলাই
বন্ধুৱে সকলো সময়তে ভাল পায়; কিন্তু ভায়েক দুৰ্দ্দশাৰ নিমিত্তে জন্ম পায়।—হিতো. ১৭:১৭.
যীচুৰ মাতৃ মৰিয়মক সাহসৰ প্ৰয়োজন আছিল। কিয়নো মৰিয়মৰ বিয়া হোৱা নাছিল আৰু তাই গৰ্ভৱতী হ’বলগীয়া আছিল। সন্তানক ডাঙৰ-দীঘল কৰাৰ তাইৰ কোনো অভিজ্ঞতা নাছিল। কিন্তু তাই এনে এটি সন্তানক ডাঙৰ-দীঘল কৰিবলগীয়া আছিল যি আগলৈ গৈ মচীহ হ’লহেঁতেন। এতিয়ালৈ তাই কোনো পুৰুষৰ লগত সম্বন্ধ ৰখা নাছিল, তথাপিও মাতৃ হ’বলগীয়া আছিল। তাই নিজৰ হ’বলগীয়া স্বামী যোচেফক এই সকলো কথা কেনেকৈ বুজালেহেঁতেন? (লূক ১:২৬-৩৩) মৰিয়মে কেনেকৈ সাহস পালে? তাই আনৰ পৰা সহায় ল’লে। যেনে, তাই গাব্ৰিয়েল স্বৰ্গদূতক ইয়াৰ বিষয়ে আৰু বেছিকৈ কথা জনাবলৈ ক’লে। (লূক ১:৩৪) ইয়াৰ কিছু সময়ৰ পাছত তাই দীঘলীয়া যাত্ৰা কৰি যিহুদাৰ ‘পৰ্বতীয়া এলেকাত’ থকা নিজৰ সম্বন্ধীয়া এলীচাবেতক লগ কৰিবলৈ গ’ল। এলীচাবেতে মৰিয়মৰ প্ৰশংসা কৰিলে আৰু যিহোৱাৰ প্ৰেৰণাৰে মৰিয়মৰ হ’বলগীয়া সন্তানটিৰ বিষয়ে এটা ভৱিষ্যবাণী কৰিলে। (লূক ১:৩৯-৪৫) তেতিয়া মৰিয়মে ক’লে যে যিহোৱাই “নিজৰ বাহুবলৰ দ্বাৰাই পৰাক্ৰমী কৰ্ম্ম কৰিলে।” (লূক ১:৪৬-৫১) গাব্ৰিয়েল স্বৰ্গদূত আৰু এলীচেবাৰ জৰিয়তে যিহোৱাই মৰিয়মক সাহস দিলে। w২৩.১০ ১৪-১৫ ¶১০-১২